বিষয় : প্ৰেম
বাস্তৱ জীৱনতকৈ মঞ্চতহে প্ৰেমে বিশেষ ভূমিকা পালন কৰে ৷ ব্যঙ্গ নাটকত প্ৰায়েই প্ৰেমকেই বিষয়-বস্তু হিচাপে লোৱা হয় আৰু দুই এখন ট্ৰেজেডিতো প্ৰেমক বিষয়-বস্তু হিচাপে লোৱা হৈছে ৷ কিন্তু বাস্তৱ জীৱনত প্ৰেমে মানুহলৈ দুখহে কঢ়িয়াই আনে ৷ ই মানুহৰ জীৱন ধ্বংস কৰিব পাৰে ৷
এজন পুৰুষে এগৰাকী নাৰীৰ সৌন্দৰ্যত আকৃষ্ট হৈ তেওঁৰ সন্মুখত আঠু কঢ়াটো এটা মূৰ্খামিৰ বাদে আন একো নহয় ৷
প্ৰেমে মানুহক অতিৰঞ্জিত কথা ক'বলৈ বাধ্য কৰায় ৷ দৰাচলতে মানুহে নিজকে নিজেই আটাইতকৈ বেছি প্ৰৱঞ্চনা কৰে ৷ কিন্তু এজন প্ৰেমত পৰা মানুহে তেওঁৰ প্ৰেমিক বা প্ৰেমিকাক তাতকৈ অধিক প্ৰৱঞ্চনা কৰে ৷ তেওঁৰ নিজৰ প্ৰিয়পাত্ৰক ইমানে অতিৰঞ্জিত ভাষাত প্ৰশংসা কৰে যে ই বহু সময়ত উদ্ভটো হৈ পৰে ৷ সেয়ে এইটো অতি সঠিকভাৱে কোৱা হৈছিল যে একে সময়তে প্ৰেমত পৰা আৰু জ্ঞানী হোৱাটো অসম্ভৱ ৷ সেয়ে মানুহে প্ৰেমৰ আৱেগৰ পৰা নিজক সুৰক্ষিত কৰি ৰাখিব লাগে ৷ কিয়নো প্ৰেমিক এজনে অন্যান্য বস্তুৰ লগতে শেষত প্ৰেমকো হেৰুৱাব লগা হয় ৷ উদাহৰণস্বৰূপে হেলেন আৰু পেৰিচৰ কথাই ক'ব পাৰি ৷
সেয়ে কোনোবা মানুহ যদি প্ৰেমত পৰেও তেতিয়া তেওঁ প্ৰেমত উটি ভাঁহি নগৈ তাক নিয়ন্ত্ৰ্ৰণ কৰা উচিত ৷ তেওঁ সচেতন হোৱা উচিত যে তেওঁৰ প্ৰেমে যেন তেওঁৰ দৈনন্দিন জীৱনৰ আন কামত হেঙাৰ ৰূপে থিয় নিদিয়ে ৷
বৈবাহিক জীৱনত স্বামী-স্ত্ৰীৰ প্ৰেমে মানুহক মৰমিয়াল কৰে, বন্ধুত্ব-সুলভ প্ৰেমে মানুহক নিখুঁত বা পৰিপূৰ্ণ কৰে, কিন্তু দায়িত্বহীন, অবৈধ প্ৰেমৰ পৰিণাম সদায় ভয়ানক আৰু দুৰ্বিসহ হয় ৷
- বিষয়: প্ৰেম, "বেকনৰ ৰচনা", অনুবাদ মৌচুম বৰুৱা, কিৰণ প্ৰকাশন, ধেমাজি; 64 pages; Rs. 25
It seems Bacon was a cold, logical, robotic personality.
কিশলয় সিনহা [G, ভ, আ]
আগকথা
কিতাপ এখন লেখোঁ বুলি কেতিয়াও লেখা নহয় ৷ মোৰ এই গ্ৰন্থখন প্ৰকাশৰ দিনটো মোৰ জীৱনৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ ৷ মোৰ বিবাহৰ দিনাই এই গ্ৰন্থখন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এই বিশেষ দিনটোত কিতাপখনে প্ৰকাশৰ মুখ দেখাত এগৰাকী ব্যক্তিৰ প্ৰভূত অৰিহণা আছে ৷ মোৰ হাতত হাত থৈ মোৰ জীৱন পথৰ সহযাত্ৰী হ'বলৈ ওলোৱা মৰমী-য়ে যদি মোক এষাৰ কথা নক'লেহেঁতেন, তেতিয়া হয়তো বেকনৰ ৰচনাসমূহৰ অনুবাদবোৰে একেলগে প্ৰকাশৰ মুখ নেদেখিলেহেঁতেন ৷ তেওঁ প্ৰায়েই মোক এটা কথা কয় যে তুমি মোক বহুত উপহাৰ দিলা বা বিয়াৰ দিনাও মোক বহুত মূল্যবান আ-অলংকাৰ আৰু কাপোৰ-কানি দিবা, কিন্তু আমাৰ জীৱনৰ সেই বিশেষ দিনটোত যদি তুমি মোক তোমাৰ নতুন কিতাপ এখন উপহাৰস্বৰূপে হাতত তুলি দিয়া, তাতকৈ মূল্যবান উপহাৰ মোৰ বাবে একো হ'ব নোৱাৰে ৷ গতিকে এই মৰমীলৈ কৃতজ্ঞতা জনোৱাৰ লগতে এই কিতাপখন আমাৰ বিবাহৰ দিনা তেওঁৰ হাতত উপহাৰ হিচাপে উচৰ্গাও কৰিলোঁ ৷
মৌচুম বৰুৱা
ডিব্ৰুগড়
12/12/2007
12/12/2007 is a convenient date because it is the same day for those who follow the British and Indian system of writing a date and for those who follow the American system.
Kishalay Sinha [G]
The Great Whore (The Bible: Revelation) - correction: The TWO Great Whores - BOTH Eve AND "Pamela"? - These two will NEVER be trusted. Fed up with both - Satan is FINISHED, still these two - THE NASTIEST FEMALE CLONES OF SATAN - won't give up - they think they are smart - but they are FOOLS - ZEROS.
Kishalay Sinha [G]
No comments:
Post a Comment
Note: only a member of this blog may post a comment.